A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
প্ৰিয়ংকা গান্ধীৰ সৈতে চেল্ফি লৈ সংকটত মহিলা আৰক্ষী কনিষ্টবল
বুধবাৰে আগ্ৰাৰ নিহত পৰিয়ালক দেখা কৰবলৈ যোৱাৰ পথত লক্ষ্নৌ-আগ্ৰা এক্সপ্ৰেছত প্ৰায় দুঘণ্টা আৱদ্ধ হৈ থাকিবলগীয়া হয় প্ৰিয়ংকা গান্ধীৰ কনভয়। আৰক্ষীয়ে উভতি যাবলৈ কৈছিল প্ৰিয়ংকা গান্ধীক। কিন্তু তেওঁ সন্মত হোৱা নাছিল। সেয়ে তেওঁক আটক কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। পথত আবদ্ধ হৈ থকা সময়ত গাড়ীৰ পৰা নামি আহে প্ৰিয়ংকা। সেই সময়তে প্ৰিয়ংকাৰ সৈতে চেলফী লয় কেইগৰাকীমান মহিলা আৰক্ষী কনিষ্টবলে। মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে চেলফী। লক্ষ্নৌৰ পুলিচ কমিছনাৰ ডি কে ঠাকুৰে এই চেলফীৰ প্ৰসংগত জনাই যে, প্ৰিয়ংকা গান্ধীৰ সৈতে যিকেইগৰাকী মহিলা কনিষ্টবলে ফটো তুলিছে, তেওঁলোকৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা হ’ব।