Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
বছৰৰ আৰম্ভনিতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অভিনেতা আদিল হুছেইনে।
অভিনেতা আদিল হুছেইনে ফৰ্বছ এ ২০২১ বৰ্ষৰ বাবে হিন্দী চিনেমা উদ্যোগৰ ৮টা অসামাণ্য প্ৰদৰ্শনৰ অসাধাৰণ অভিনেতাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।আদিল হুছেইনে চিনেমা “বেল বটম”ত কৰা অনবদ্য অভিনয়ৰ বাবে তালিকাত স্থান পাবলৈ সক্ষম হৈছে।আদিল হুছেইনে “বেল বটম”ত ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ চৰিত্ৰত অভিনয় কৰিছে।যিটো চৰিত্ৰ চিনেমাখনৰ মূল চৰিত্ৰতকৈও গুৰুত্বপূৰ্ণ হৈছে।”ফৰ্বছ”হৈছে এখন আমেৰিকান ব্যৱসায়িক আলোচনী।”ফৰ্বছ”ৰ তালিকাত স্থান পোৱাৰ পিছত টুইটাৰ যোগে আদিল হুছেইনে জনাই যে তেওঁ খুবেই সৌভাগ্যবান আৰু তেওঁৰ ফালৰ পৰা ”ফৰ্বছ”ক ধন্যবান জনায়।