Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
মহানগৰীৰ সাতগাও আৰক্ষীৰ জালত মাটিৰ দালাল।
মহানগৰীৰ সাতগাও আৰক্ষীৰ জালত এজন মাটিৰ দালাল। মহানগৰীৰ সাতগাৱৰ নোৱাপাৰাৰ চাইনী হেভেন নামৰ আবাসীক ফ্লেটটোৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মাটিৰ দালাল জনক। দালালজন হৈছে আমছুৰ প্ৰাক্তন সভাপতি ইকবাল হুছেইন। মাটিৰ দালালীৰ অভিযোগত সাতগাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হুছেইনক। এই সংক্ৰান্তত ইকবাল হুছেইনৰ বিৰুদ্ধে হোজাই থানাত ভাৰতীয় দণ্ড বিধিৰ 120(B)/406/409/420/468/47 ধাৰাৰ অধীনত থানাত 635/21 নম্বৰৰ গোচৰ পঞ্জীয়ন হৈ আছিল। ইকবাল হুছেইনে হোজাই অঞ্চলত বিভিন্ন মানুহৰ মাটি দখল কৰি বিক্ৰী কৰিছিল। আনকি মাটি দালালী জড়িত থকাৰ বাবে আমছুৰ পৰা ইকবাক হুছেইনক বহিস্কাৰ কৰা হৈছিল। হোজাই থানাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছতেই ইকবালে গুৱাহাটীত আত্মগোপন কৰি আছিল। হোজাই আৰক্ষীৰ অনুৰোধত বুধবাৰে নিশা সাতগাও আৰক্ষীয়ে মাটিৰ দালাল ইকবালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।