Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
শুকুৰবাৰে কেবিনেটে দিলে কেইবাটাও ভাল খবৰ লামডিঙত উচ্ছেদ হোৱা পৰিয়ালক দিয়া হ’ব আঢ়ৈ কঠা মাটি
অসম বিধাসভাৰ পঞ্চম দিনৰ অধিবেশনত কেইবাটাও গুৰুতত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়।কেবিনেটৰ সিদ্ধান্ত সমূহ হল
১)লামডিঙত উচ্ছেদ হোৱা হাজং আৰু চাকমা সকলৰ ১৯৬টা কৈ পৰিয়ালক আঢ়ৈ কঠা কৈ মাটি দিয়া হ’ব।
২) অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনি অংগনবাড়ী কৰ্মীয়ে ৬০বছৰত অৱসৰ ল’ব লাগিব। অৱসৰ সময়ত ৪ লাখ টকা আৰু সহায়িকাই ৩ লাখ আৰু মিনি অংগনবাড়ী কৰ্মীয়ে ২ লাখ টকা পাব।
৩) মহিলা আয়োগৰ অধ্যক্ষক ৫০ হাজাৰ টকা পৰিতোষিক দিয়া হ’ব ৷ উপাধ্যক্ষক ৪০হাজাৰ টকা আৰু প্ৰত্যকজন সদস্যক ৩৫হাজাৰ টকাকৈ দিয়া হ’ব ৷
৪) ৰমাকান্ত দেউৰী, বিদ্যচিং ইংলেং, প্ৰশান্ত ফুকন আৰু বলিন চেতিয়ালৈ কেবিনেট মৰ্যাদা।