বাতিল নহয় বিহুৰ পাঠ্যক্ৰম।পাঠ্যক্ৰমত থাকিব স্বদেশ অধ্যয়নো।শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাইৰ মন্তব্য।আছু-শিক্ষা সংসদৰ সম্পূৰ্ণ হ'ল…
ৰাজ্যৰ ভুৱা এনকাউন্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য লাগে গুৱাহাটী উচ্ছ ন্যায়ালয়ক।
গুৱাহাটী উচ্ছ ন্যায়ালয়ে ৰাজ্যৰ শেহতীয়াকৈ সংঘটিত হোৱা ভুৱা এনকাউন্টাৰ সন্দৰ্ভত বিতং তথ্য় বিছাৰিছে।সঘনাই ঘটি থকা এনকাউন্টাৰ সন্দৰ্ভত এই সিদ্ধান্ত উচ্ছ ন্যায়ালয়ৰ।১১ জানুৱাৰীত এই বিষয়টোৰ শুনানিৰ দিন ধাৰ্য কৰিছে গুৱাহাটী উচ্ছ ন্যায়ালয়ে।অধিবক্তা আৰিফ জোৱাদ্দাৰ,যিয়ে এই জনস্বাৰ্থজনিত আবেদন (নং ৮৬/ ২০২১)দাখিল কৰিছিল,তেওঁৰ মতে ২০২১ চনৰ মে’ মাহৰ পৰা ৮০টা এনে ভুৱা এনকাউন্টাৰ সংঘটিত হৈছে আৰু ইয়াৰ ফলত ২৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৮ জন লোক আহত হৈছিল।