ৰাজ্যৰ শিক্ষা বিভাগৰ এক নতুন সিদ্ধান্ত। এতিয়াৰ পৰা বিদ্যালয় গৃহৰ বাহিৰত পুৱাৰ প্ৰাৰ্থনা কৰা বন্ধ।…
অসম পালেহি অমিক্ৰন
অসম পালেহি অমিক্ৰন।অমিক্ৰনত আক্ৰান্ত প্ৰথমগৰাকী অসমৰ ব্যক্তি সোণাপুৰত চিনাক্ত কৰা হৈছে। সোণাপুৰৰ ভাড়াতীয়া মুন্না দাস আৰু পুৰ্ণিমা দাসৰ ১৩ বছৰীয়া পুত্ৰ ৰোহন দাসৰ দেহত ধৰা পৰিছে কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰনৰ।কৰ্মসুত্ৰে মুম্বাইত কৰ্মৰত মুন্না দাসৰ পৰিয়ালটো কিছু দিন পূৰ্বে মেঘালয়লৈ গৈছিল।আৰু যোৱা ২১ ডিচেম্বৰত মেঘালয়ত কোভিড -১৯ পৰীক্ষা কৰাত অমিক্ৰন সংক্ৰমণৰ কথা ধৰা পৰে।তাৰ পাছত পৰিয়ালৰটোৱে সোণাপুৰৰ মৈৰাকুছিস্থিত ভাৰাঘৰত আশ্ৰয় লয়।বৰ্তমান ভাৰাঘৰটোত উপস্থিত হয় চিকিৎসা কৰ্মীৰ লগতে সোণাপুৰ আৰক্ষী।