Skip to content

তিনি হাজাৰ ইনজেকচনৰ খালী চিৰিঞ্জেৰে নিৰ্মাণ দেৱীৰ প্ৰতিমা

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট ধুবুৰীৰ এজন শিল্পীৰ। এই বছৰৰ দুৰ্গা পূজাত এক বিশেষ চমক দিব শিল্পীজনে। তিনি হাজাৰ  ইনজেকচনৰ খালী চিৰিঞ্জেৰে প্ৰায় দুমাহ ধৰি পৰিশ্ৰম কৰি অন্তিম পৰ্যায়ত উপনীত হৈছে সঞ্জীৱ বসাক নামৰ শিল্পীজনে। শিল্পী সঞ্জীৱৰ আশা, কোভিড প্ৰটকল মানি ধুবুৰী চহৰৰ দুৰ্গা মণ্ডপতসমূহত ৰাইজে দেৱীৰ চৰণত এপাহি পুস্পাঞ্জলি দিবলৈ আহিব কিন্তু মণ্ডপত সোমাই তেওঁৰ বেজিৰে বনোৱা প্ৰতিমা চাই ভেকচিনৰ কথা এবাৰ হ’লেও মনত পেলাব।

Back To Top