Astha Choudhury representing the Railways Sports Promotion Board (RSPB), a talented swimmer from Assam, secured…
ভাৰতীয় নাগৰিকত্ব পাবলৈ ৭০০০ পাকিস্তানী নাগৰিকৰ আৱেদন
ভাৰতত নাগৰিকত্ব (সংশোধনী) আইনৰ বিধি বলবৎ নহওঁতেই নাগৰিকত্ব বিচাৰি ১০ হাজাৰতকৈয়ো অধিক বিদেশীয়ে কৰিছে আৱেদন৷ সংসদত গৃহ-মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, ২০২১ চনৰ ১৪ ডিচেম্বৰলৈকে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰা বিভিন্ন দেশৰ মুঠ নাগৰিকৰ সংখ্যা হৈছে ১০,৬৩৫গৰাকী। ইয়াৰে ৭,৩০৬ গৰাকী পাকিস্তানী নাগৰিকে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰিবৰ বাবে আৱেদন কৰিছে।