Three Wushu players from Itanagar's Sangay Lhaden Sports Academy (SLSA) have reached a significant milestone…
লাভলীনা বৰগোহাঁইৰ বক্সিং গ্ল’ভছ বিক্ৰী হ’ল ৯১ লাখ টকাত।
টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনা বৰগোহাঁইৰ বক্সিং গ্ল’ভছ বিক্ৰী হ’ল ৯১ লাখ টকাত।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উপহাৰ হিচাপে দিছিল এই গ্ল’ভছ যোৰ।কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা নিলামত লাভলীনাৰ গ্ল’ভছ যোৰৰ প্ৰাৰম্ভিক মূল্য আছিল ৮০ লাখ টকা।
আনহাতে স্বৰ্ণ জয় কৰা নীৰজ চোপ্ৰাৰ জেভলীন ডালে লাভ কৰিলে সৰ্বাধীক মূল্য।নীৰজৰ জেভলীনে লাভ কৰিলে ১.৫ কোটি টকা।
পেৰা অলিম্পিকত স্বৰ্ণ জয় কৰা সুমিত এণ্টিলৰ জেভলীনে লাভ কৰিলে ১.০০২ কোটি টকা।
১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে বিভিন্ন সময়ত উপহাৰ হিচাপ লাভ কৰা সামগ্ৰীসমূহ নিলাম কৰাৰ ব্যৱস্থা কৰা হৈছিল।