Prime Minister Narendra Modi addressed the nation from Red Fort on the occasion of the…
শনিবাৰে নিশা দেশবাসীক সম্বোধন কৰি নৰেন্দ্ৰ মোদীয়ে ক’লে
মোদীয়ে প্ৰায় ১৩ মিনিটৰ নিজৰ ভাষণত শনিবাৰে কয় যে –
*দেশত প্ৰায় ৬১ শতাংশ লোকে কোৰোণাৰ ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰিছে।
*অমিক্ৰনক ভয় নকৰিবলৈ কয়, ইয়াৰ পৰা সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনায়
*প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে যে দেশত চিকিৎসাৰ পৰ্যাপ্ত ব্যৱস্থা আছে।
*চাৰি লাখ অক্সিজেন চিলিণ্ডাৰ দেশজুৰি দিয়া হৈছে আৰু লগতে কয় দেশত ১৮ লাখ আইছ’লেচন বেডৰ সুবিধা আছে।
*দেশত ১৪১ কোটি কোৰোণাৰ ভেকচিনৰ ড’জ প্ৰদান কৰা হৈছে। ৬১ শতাংশ বয়স্ক লোকক ভেকচিনৰ দুয়োটা ড’জ প্ৰদান কৰা হৈছে। ৯০ শতাংশ বয়স্ক লোকৰ আবাদীক কমপক্ষেও এটা ড’জ প্ৰদান কৰা হৈছে।
নিজৰ ভাষণত মোদীয়ে কয় যে আগন্তুক বৰ্ষৰ ৩ জানুৱাৰীৰ পৰা ১৫ৰ পৰা ১৮ বছৰৰ ভিতৰৰ সকলক ভেকচিন প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি ১০ জানুৱাৰীৰ পৰা স্বাস্থ্যকৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীসকলক কোভিডৰ টিকাৰ বুষ্টাৰ ড’জ লগোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।