The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
সময়মতে কৰে পৰিশোধ নকৰা সকলৰ বিৰুদ্ধে কঠোৰ পৰিবহন বিভাগ
৩১মাৰ্চৰ পূৰ্বে ৰাজ্যৰ সকলো বিভাগক বাকী থকা কৰ সংগ্ৰহ কৰিবলৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই যান বাহনৰ বকেয়া কৰ সংগ্ৰহত তৎপৰ ৰাজ্যৰ পৰিবহন বিভাগ। কেৱল গুৱাহাটী মহানগৰীতে প্ৰায় ১০০ কোটি টকাৰ বকেয়া কৰ সংগ্ৰহৰ লক্ষ্য কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ। ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ পৰিবহন বিভাগৰ ‘অপাৰেচন চাৰখাৰ’ অভিযান। লক্ষ্য বিভাগৰ পাবলগীয়া সকলো কৰ সংগ্ৰহ। যান বাহনৰ গৰাকীক বাহনৰ যাবতীয় কৰ সময় মতে পৰিশোধ কৰিবলৈ আহ্বান, অন্যথা ৰাজপথত ওলালেই জব্দ হব বাহন।