skip to Main Content

কাইলৈ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ।


কাইলৈ ৰাজ্যৰ ৫ সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। ভোটগ্ৰহণৰ বাবে কেন্দ্ৰসমূহলৈ ৰাওনা বিষয়া-কৰ্মচাৰী। ৭.৯৬ লাখ ভোটাৰে কাইলৈ ভাগ্য নিৰ্ণয় কৰিব ৩১ প্ৰাৰ্থীৰ। প্ৰচাৰত অস্তিত্ব নাথাকিলেও ভোটকেন্দ্ৰত থাকিব কঠোৰ কোভিড বিধি। ৫ সমষ্টিৰ ১,১৭৬ টা কেন্দ্ৰত গ্ৰহণ কৰা হ’ব উপ-নিৰ্বাচনৰ ভোট। ভোটগ্ৰহণ প্ৰক্ৰিয়াত জড়িত হ’ব ৫,৪১০ জন পোলিং বিষয়া-কৰ্মচাৰী। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰই ৱেবকাষ্টিঙৰ জৰিয়তে কৰা হ’ব পৰ্যবেক্ষণ। ভোটকেন্দ্ৰত শৰীৰৰ উত্তাপ জোখা, মাস্ক, ছেনিটাইজড কৰাটো বাধ্যতামূলক। ৫ সমষ্টিৰ ভিতৰত তামুলপুৰত সৰ্বাধিক ২,১৭,৪৩২ জন ভোটাৰ। সৰ্বনিম্ন ১,১৫,৯৭১জন ভোটাৰ শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিত। গোসাঁইগাঁও আৰু ভৱানীপুৰত ৮জন, তামুলপুৰত ৬জন, থাওৰাত ৫জন, মৰিয়নিত ৪জন প্ৰাৰ্থী।

Back To Top