Skip to content

বঙাইগাঁৱত দ্বিতীয়খন কেবিনেট বৈঠক


আজি বঙাইগাঁৱত দিছপুৰৰ বাহিৰত ধেমাজিৰ পিছত দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত কেইবাটিও প্ৰকল্পৰ শুভ উদ্ধোধন কৰাৰ লগতে আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ এই অনুষ্ঠানৰ উপলক্ষে জিলাখনত কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে৷ দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ হয় কেবিনেট বৈঠক। কেবিনেট বৈঠক অনুষ্ঠিত হয় বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত৷ কেবিনেট বৈঠকৰ পূৰ্বে জিলা প্ৰশাসনৰ তৰফৰ পৰা বঙাইগাঁৱত উপস্থিত হোৱা কেবিনেট মন্ত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰে জিলা উপায়ুক্ত আৰু স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে৷ কেবিনেট বৈঠকত কেইবাটিও গুৰুত্ব পূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ সম্ভাৱনা।

Back To Top