Former Education Minister Thaneswar Boro, aged 85, passed away on Friday after battling complications related…
অসম আৰক্ষীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ২৪টা কঠোৰ নিৰ্দেশ।
অসম আৰক্ষীৰ প্ৰতি কঠোৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।দুখীয়া মানুহক গালি-গালাজ পৰাৰ মানসীকতা সলনি কৰিব লাগিব অসম আৰক্ষীয়ে,এই মন্তব্য কৰিলে মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।অপৰাধী দেখিলে কঠোৰ হব লাগে আৰক্ষী কিন্তু শ্ৰম কৰা মানুহ দেখিলে সন্মান কৰিব লাগে-মুখ্যমন্ত্ৰী।দুখীয়া মানুহৰ ঘৰত চুৰ হলে থানাত এজাহাৰ দিবলৈ আহে,কিন্ত এজাহাৰ লিখাৰ বিনিময়ত থানাৰ লোকসকলে তেওঁলোকৰ পৰা পইচা বিচাৰে,এইয়া অসমত কেতিয়াও হব নোৱাৰে-মুখ্যমন্ত্ৰী।কোনো দুখীয়া মানুহ যদি থানালৈ আহে তেতিয়াহলে অসম আৰক্ষীয়ে সন্মান দিব লাগিব-মুখ্যমন্ত্ৰী।পুলিচ ভেৰিফিকেচন তথা পাচপৰ্টৰ কাম কোনো ধৰণৰ কষ্ট নোহোৱাকৈ হব লাগিব-মুখ্যমন্ত্ৰী।কোনোবাই যদি এজাহাৰ দিব আহে SIয়ে সময় উলিয়াই এজাহাৰ লিখিব লাগিব-মুখ্যমন্ত্ৰী।সাধাৰণ নাগৰিকক পুলিচে গালি-গালাজ কৰিব নোৱাৰিব-মুখ্যমন্ত্ৰী।কষ্ট কৰি দিন হাজিৰা কৰা লোকসকল যেনে ৰিক্সাৱালা,ঠেলাৱালা আদি লোকক মাৰ-ধৰ কৰিব নোৱাৰিব-মুখ্যমন্ত্ৰী।নিৰিহ লোকৰ আগত লাঠী উলিওৱা স্বভাৱ বন্ধ কৰিব লাগিব-মুখ্যমন্ত্ৰী।যিসকল অপৰাধী তেওঁলোকক শাস্তি দিৱক,তাত মুখ্যমন্ত্ৰীৰ কোনো আপত্তি নাই,কিন্তু বিনা দোষত কাৰো গাত এতিয়াৰে পৰা হাত উঠাব নোৱাৰিব।মুখ্যমন্ত্ৰীৰ কণভয়ৰ আগত যদি কোনো কাৰণত ৰিক্সা বা ঠেলা আহে তেতিয়াহলে ভালদৰে তেওঁলোকক তাৰ পৰা আতৰ কৰিব লাগিব বেয়া ব্যৱহাৰ কৰি নহয়,কাৰণ তেওঁলোক খাতি খোৱা লোক গতিকে তেওঁলোকৰ সন্মান মুখ্য়মন্ত্ৰীত কৈ বেছি এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।মুঠতে কোনো কাৰণতে দুখীয়া লোকসকলে কষ্ট পাব নোৱাৰে-মুখ্যমন্ত্ৰী।