Heavy rains, thunderstorms, and hailstorms unleashed havoc across several districts of Assam, causing widespread destruction…
বিশিষ্ট লেখক, কৃষি বিজ্ঞানী ড০ অনুজ বৰুৱাৰ দেহাৱসান
বিশিষ্ট লেখক, কৃষি বিজ্ঞানী ড০ অনুজ বৰুৱাৰ ৫৭ বছৰ বয়সত দেহাৱসান ঘটে। জিএমচিএইচত চিকিৎসাধীন অৱস্থাত ইহলীলা সম্বৰণ কৰে বিশিষ্ট বিজ্ঞানী জনে। লিভাৰ চিৰচিচ ৰোগত দীৰ্ঘদিনৰে পৰা আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল মহা অৰণ্যৰ শ্ৰষ্টা। তেখেতৰ মৃতদেহ ক্ষেত্ৰীৰ ধোপগুৰিস্থিত আলহীঘৰত আনি ধৰ্মীয় পৰম্পৰাৰে অন্তোষ্টিক্ৰিয়া সম্পন্ন। বিশিষ্ট বিজ্ঞানীজনে মৃত্যুৰ সময়ত পত্নীসহ, পুত্ৰ-কন্যা, আত্মীয় স্বজন তথা অজস্ৰ গুণমুগ্ধক এৰি থৈ গৈছে। বিশিষ্ট বিজ্ঞানীজনৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।