The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
আজি গুৱাহাটী মহানগৰীত নাপাব পেট্ৰল-ডিজেল
আজি গুৱাহাটী মহানগৰী তথা ইয়াৰ উপকণ্ঠ অঞ্চল সমূহত বন্ধ ৰখা হৈছে পেট্ৰল পাম্প সমূহ।পেট্ৰলৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে সকলোৱে।এফালে পেট্ৰলৰ অভাৱ আনফালে আকৌ কৃত্ৰিম বানপানী,তাৰ মাজতে পেট্ৰল শেষ হোৱাৰ বাবে নিজৰ বাহন সমূহ ঠেলি লৈ যাব লগীয়া হৈছে বহু লোকে।মুঠতে সকলোফালে এক হাহাকাৰ পৰিস্হিতি।আজি পুৱা ৫বজাৰ পৰা কাইলৈ পুৱা ৫ বজালৈকে বন্ধ থাকিব পেট্ৰল পাম্প।তেল কোম্পানী সমূহক বঞ্চনা কৰাৰ অভিযোগত বন্ধ ৰখা হৈছে পেট্ৰল পাম্প সমূহ।নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰলিয়াম ডিলাৰ এছ’ছিয়েশ্যনৰ এই প্ৰতিবাদ।তেওঁলোকৰ দাবি সমূহ মানি নললে অনিৰ্দিষ্টকাললৈ বন্ধ ৰখাৰ হুংকাৰ প্ৰদান কৰে।