Skip to content


বাংলাদেশে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম খন টেষ্টত ৮ উইকেটত জয়লাভ কৰি সৃষ্টি কৰে ইতিহাস। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC) প্ৰথম ছিজনৰ বিজয়ী নিউজিলেণ্ডে ৫ বছৰত ১৭ খন টেষ্ট মেচৰ পিছত ঘৰুৱা খেলত পৰাজিত হৈছে। বাংলাদেশে প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে এখন টেষ্ট মেচত জয়ী হৈছে। নিউজিলেণ্ডৰ মাটিত কিৱিসকলৰ বিৰুদ্ধে যিকোনো ফৰ্মেটত (টেষ্ট, এদিনীয়া, টি-২০) বাংলাদেশৰ প্ৰথম জয়। বাংলাদেশৰ ঐতিহাসিক বিজয়ৰ নায়ক হৈছে ইবাদাত হুছেইন। তেওঁ দ্বিতীয় ইনিংছত ৬ টা উইকেট দখল কৰে আৰু প্ৰথম টেষ্টৰ অন্তিম দিনা নিউজিলেণ্ডে তেওঁলোকৰ দ্বিতীয় ইনিংছত ১৬৯ ৰাণত আউট হয়। বাংলাদেশে দুটা উইকেট হেৰুৱাই জয়ী হয়।

Back To Top