skip to Main Content

অসমত AFSPA পৰিসৰ হ্ৰাস কৰা হৈছে,জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল


জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল।ভাৰত চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত।অসমৰ ৬০ শতাংশ ভূ-খণ্ডৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে AFSPA। আজি নিশাৰ পৰাই কাৰ্যকৰী হ’ব এই সিদ্ধান্ত। অসমৰ লগতে কেন্দ্ৰীয় চৰকাৰে মণিপুৰ আৰু নাগালেণ্ডৰ পৰা AFSPA বাতিল কৰিছে । বৃহস্পতিবাৰে এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি সবিশেষ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে কেন্দ্ৰীয় চৰকাৰে লোৱা এই সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।কিন্তু এতিয়াও অসমৰ ৯ খন জিলাত বাহাল থাকিব AFSPA। কাৰ্বিআংলং, পশ্চিম কাৰ্বিআংলং, ডিমা হাচাও, ডিব্ৰুগড়, তিনচুকীয়া, চৰাইদেও, গোলাঘাট, শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাত বাহাল থাকিব AFSPA।অসমত ১৯৯০ চনৰ পৰা AFSPA বলবৎ হৈ আহিছিল। সেইদৰে সময়ে সময়ে প্ৰায় ৬০বাৰকৈ AFSPAৰ সময়সীমা বৃদ্ধি কৰিছিল কেন্দ্ৰই।

Back To Top