Skip to content

অসম আৰক্ষীৰ ৮ গৰাকী উপ-আৰক্ষী অধীক্ষকক অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি

  • Assam

অসম আৰক্ষীৰ ৮ গৰাকী উপ-আৰক্ষী অধীক্ষকক অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি। নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া প্ৰদীপ কোঁৱৰক কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি দিয়া হৈছে। নলবাৰীৰ উপ-আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি দিয়া হৈছে। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা উপ-আৰক্ষী অধীক্ষক দেৱব্ৰত মৰাঙক ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লৈ পদোন্নতি দিয়া হৈছে। ধেমাজিৰ উপ-আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মাক বজালি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি দিয়া হৈছে। অগ্নিনিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱাৰ উপ-আৰক্ষী অধীক্ষক সবিতা দাসক চৰাইদেউ জিলাত অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি দিয়া হৈছে। হাইলাকান্দিৰ উপ-আৰক্ষী অধীক্ষক ডাঃ নৱনীতা দাসক মান্দাকাটা কামাণ্ডো বেটেলিয়ানৰ উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিৰ স্থানত বঙাইগাঁৱৰ উপ-আৰক্ষী লুনা সোণোৱালক নতুন অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি,আৰু ওদালগুৰি জিলাৰ উপ-আৰক্ষী অধীক্ষক প্ৰলয় কোঁৱৰক গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি দিয়া হৈছে।

Back To Top