skip to Main Content

কেন্দ্ৰৰ বিজেপি চৰকাৰে সংশোধন কৰিব নিৰ্বাচনী আইন


আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত নিৰ্বাচনী আইন সংশোধিত বিধেয়ক ২০২১’ উত্থাপন কৰিলে আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে। তেওঁ কয় যে, এই আইনে দেশত ভুৱা ভোটদান সমাপ্ত কৰিব আৰু নিৰ্বাচনী প্ৰক্ৰিয়াক অধিক বিশ্বাসযোগ্য কৰি তুলিব। কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই নিৰ্বাচনী আইন সংশোধনী বিধেয়কত ‘wife’ শব্দৰ স্থানত ‘spouse’ শব্দ ব্যৱহাৰৰ প্ৰস্তাৱ দিছে। ইয়াৰ ফলত আইনখন লিংগ নিৰপেক্ষ হৈ পৰিব বুলি কোৱা হৈছে। লোকসভাৰ অধ্যক্ষৰ আসনত থকা ৰাজেন্দ্ৰ আগৰৱালে ধ্বনি ভোটৰ জৰিয়তে এই আইন গৃহীত কৰে।

Back To Top