skip to Main Content

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি ৰাইজৰ দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে গুৱাহাটী ক্লাৱত।প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ ৰাইজৰ দলৰ সভাপতি অখিল গগৈকে ধৰি বহুসংখ্যক লোকে।নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক ৰামটাঙোন সোধাইছে।যাৰ ফলত সাধাৰণ লোকসকল চলা-ফুৰাত অসুবিধা হৈ পৰিছে।

Read More

দাস সকলে হেৰুৱাব নেকি ভৱিষ্যতে নিজৰ অস্তিত্ব!

দাস সকলে হেৰুৱাব নেকি ভৱিষ্যতে নিজৰ অস্তিত্ব!কৈৱৰ্ত জাতিতো হৈছে এটা অসমৰ খিলঞ্জীয়া জাতি।এই জাতিটোক লৈ বিৰুপ মন্তব্য কৰিছে এছাম লোকে।ডোম আৰু কৈৱৰ্ত দুটা পৃথক শব্দ।কিন্তু একাংশ লোকে কৈৱৰ্ত সকলক ডোম বুলি মন্তব্য প্ৰকাশ কৰিছে।

Read More

আজি তাজ ভিভান্তাত অসম অলিম্পিক সন্হাৰ এক সংবাদমেল অনুষ্ঠিত হয়

আজি তাজ ভিভান্তাত অসম অলিম্পিক সন্হাৰ এক সংবাদমেল অনুষ্ঠিত হয়।সৰ্বানন্দ সোনোৱাল, সিদ্ধাৰ্থ ভটাচাৰ্য কে ধৰি বহুকেইজন ক্ৰিয়াৰ লগত জড়িত ব্যক্তি তাত উপস্হিত থাকে ।সকলোকে ক্ৰিয়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে উৎসাহ যোগাই সৰ্বানন্দ সোনোৱালদেৱে।

Read More

জ্যেষ্ঠ শৈল্য চিকিৎসক ড০ এচ কে টানিছলৈ বিশেষ সন্মান

জ্যেষ্ঠ শৈল্য চিকিৎসক ড০ এচ কে টানিছলৈ আগবঢ়োৱা হৈছে এক বিশেষ সন্মান।সামৰিক বাহিনীৰ লোক,বিধৱা মহিলা তথা আৰ্থিকভাৱে দুৰ্বল লোকসকলক তেওঁ বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছে।সেই বাবে অহা ৮ মে' তাৰিখে মুম্বাইত বিশিষ্ট অভিনেতা অনুপম খেৰে এই সন্মান প্ৰদান কৰিব।

Read More

দিছপুৰ মহাবিদ্যালয়ৰ একাউণ্ট হেকাৰৰ হাতত

দিছপুৰ মহাবিদ্যালয়ৰ একাউণ্ট হেক কৰি লুটি নিলে ৭৬ লাখ টকা।তেওঁলোকৰ একাউণ্ট আছিল Bank of Baroda আৰু ব্ৰাঞ্চটো হৈছে দিছপুৰ।চাইবাৰ প্ৰৱঞ্চকে কৌশলেৰে ধন হৰলুকি কৰাৰ অভিযোগ মহাবিদ্যালয় কৰ্তৃপক্ষই।ইতিমধ্যেই দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই।

Read More

‘গংগা’ TEAMৰ এক বৰ্ণিল শোভাযাত্ৰা

৬ মে'ত সমগ্ৰ চিত্ৰগৃহত মুক্তি পাব গৌৰী ফিল্মছৰ বেনাৰত নিৰ্মিত অসমীয়া ছবি 'গংগা'- এখনি বোৱতী হিয়া'ই । ইতিমধ্যে উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ছবিখনৰ প্ৰচাৰৰ কৰিছে। লগত আজি মহানগৰীত এক বৰ্ণিল শোভাযাত্ৰা কৰে। এটাই শোভাযাত্ৰাৰ শ্লোগান দৌৰি দৌৰি যাম…

Read More

তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছত প্ৰথমখন সংবাদমেল ৰিপুন বৰাৰ

মা, মাটি আৰু মানুহ শ্ল’গানেৰে প্ৰথমখন সংবাদমেল ৰিপুণ বৰাৰ। মা শব্দৰে নিজৰ ৰাজ্যখনক সম্বোধন। মাটি শব্দৰে ৰাজ্যখনৰ মাটিখিনিক বুজাইছে। মানুহ শব্দৰে ৰাজ্যখনৰ সকলোধৰণৰ অধিকাৰ সুৰক্ষিত কৰাক সূচাইছে৷ আগন্তুক সকলো কাৰ্যক্ৰমণিকা এই তিনিটা শ্ল’গানৰ ভিত্তিতে অনুষ্ঠিত হ'ব। মূল্যবৃদ্ধিকলৈ সংবাদমেল সম্বোধন ৰিপুণ…

Read More

কাহিলিপাৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা

নিশা মহানগৰীৰ কাহিলিপৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। এখন ডাম্পাৰে মহতিয়াই নিলে অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰ। ডাম্পাৰ খনৰ নম্বৰ AS15AC 3305। নিয়ন্ত্ৰণ হেৰুৱাই গেট ভাঙি…

Read More

ব্যতিক্ৰমী ৰূপত বিধায়ক ৰেকিবুদ্দিন আহমেদ

আজি এক ব্যতিক্ৰমী ৰূপত দেখা পোৱা গ'ল বিধায়ক ৰেকিবুদ্দিন আহমেদক।সকলোৰে লগত একেলগ হৈ জিকিৰ গালে বিধায়ক গৰাকীয়ে।যিহেতু আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ।তেখেতৰ বাসগৃহত উলহ মালহেৰে পালন কৰা হৈছে এই পবিত্ৰ উৎসৱটো।

Read More

আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ “ঈদ উল ফিতাৰ”

আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ "ঈদ উল ফিতাৰ"।সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো উলহ মালহেৰে পালন কৰা হৈছে এই পবিত্ৰ উৎসৱ।বিগত দুটা বছৰ ক'ভিডৰ কাৰণে আন সকলো উৎসৱৰ লগতে পালন কৰিব পৰা নাছিল "ঈদ উল ফিতাৰ"।

Read More
Back To Top