Skip to content

জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ দেহাৱসান

জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ দেহাৱসান। কৰ্ণাটকৰ কৰ্গত নিশা ২ বজাত হৃদক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত‍্যাগ কৰে বিশিষ্ট আইনজ্ঞগৰাকীয়ে। অৰুণাচল প্ৰদেশৰ এডভোকেট জেনেৰেল আছিল নিলয় দত্ত।

Read more

ৰাজ্যসভাৰ উপ-নিৰ্বাচনত অসমৰ প্ৰাৰ্থী হ’ব সৰ্বানন্দ সোণোৱাল

৪ অক্টোবৰত অনুষ্ঠিত হ'ব অসমৰ ৰাজ্যসভাৰ এখন আসনৰ বাবে নিৰ্বাচন।শনিবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক ৰাজ্য সভা নিৰ্বাচনৰ বাবে সৰ্বানন্দ সোণোৱালৰ নাম মনোনিত কৰে। বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পাছৰে পৰা ৰাজ্যসভাত খালী হৈ আছে এখন আসন।২১ছেপ্তেম্বৰত গুৱাহাটীলৈ আহি ২২ছেপ্তেম্বৰত মনোনয়ন দাখিল কৰিব সোণোৱালে।সোণোৱালৰ লগতে…

Read more

মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ ভাওনা।

মৰিয়নিৰ নকচাৰীত দস্যু ৰত্নাকৰ মুক্তি লাভ শীৰ্ষক নাটকত ঋষি গৰ্গমুনিৰ ভাওঁত শুকুৰবাৰে নিশা অভিয়ন কৰে মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।সন্মুখত উপনিৰ্বাচন।সেয়ে নিতৌ ন ন ৰূপত অবতাৰ গ্ৰহন কৰিছে মৰিয়নিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে।

Read more

মহানগৰীৰ ধীৰেণপাৰাত নিশা নিচাসক্ত যুৱক-যুৱতীৰ অসামাজিক কাৰ্যকলাপ।

মহানগৰীৰ ধীৰেণপাৰাত নিশা নিচাসক্ত যুৱক-যুৱতীৰ অসামাজিক কাৰ্যকলাপ। বাধা দিবলৈ যোৱা যুৱকক প্ৰহাৰ উদণ্ড যুৱকৰ। নিচাসক্ত যুৱতীৰ অভব্য আচৰণ।

Read more

কংগ্ৰেছ নেতা অনিল বৰগোহাঁইৰ পথ দুৰ্ঘটনাত মৃত্যু।

শুক্ৰবাৰে গুৱাহাটীৰ পৰা ধেমাজিৰ নিজৰ ঘৰলৈ গৈ থাকোঁতে পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰিছিল XUV বাহনখনে। গুৰুতৰভাৱে আহত বৰগোহাঁইক ভৰ্তি কৰোৱা হৈছিল সোণাপুৰ জিলা চিকিত্সালয়ত। তাতেই শেষ নিশ্বাস ত্যাগ কৰে বৰগোহাঁয়ে।

Read more

নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ জগদীশ মুখীৰ

নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাবে শপত গ্ৰহণ কৰিছে অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে । শুকুৰবাৰে ৰাজধানী কহিমাৰ ৰাজভৱনৰ ড০ ইকনলিবা আও হলত প্ৰফেছৰ মুখীক নাগালেণ্ডৰ বিশ সংখ্যক ৰাজ্যপাল হিচাবে শপত বাক্য পাঠ কৰোৱাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ ছংখুপছুঙ ছেট্ৰোৱে।

Read more

খেলুৱৈৰ সামগ্ৰী নিলাম কৰি ১০ কোটি অৰ্জন চৰকাৰৰ।

দেশৰ সাংস্কৃতি মন্ত্ৰালয়ে ছেপ্টেম্বৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে লাভ কৰা উপহাৰ আৰু স্মৰণিকাসমূহৰ ই-নিলামৰ আয়োজন কৰিছে। ই-নিলামত টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিক খেলুৱৈসকলৰ হাতমোজা, ৰেকেট আৰু অন্যান্য সামগ্ৰীও সামৰি লোৱা হৈছে। অসমৰ বক্সাৰ লভলিনাৰ বক্সিং গ্ল’ভছ যোৰৰ নিবিদাও ১ কোটি ৯০ লাখ অতিক্ৰম…

Read more

আমিনগাঁৱৰ উপৰবড়ীত বিধ্বংসী অগ্নিকাণ্ড।

অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত অচিত দাস নামৰ ব্যৱসায়ী এজনৰ বাসগৃহসহ টেণ্ট হাউছৰ গুডাম।১১খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপণ কৰে।

Read more

মহানগৰীৰ চানমাৰিত ৰে’লৰ চেপাত এজন শ্ৰমিকৰ মৃত্যু।

বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ চানমাৰিত ৰে'লৰ চেপাত শ্ৰমিকৰ মৃত্যু।মৃত শ্ৰমিকজন বিহাৰৰ মতিহাৰীৰ চাৰাজুল আলম বুলি চিনাক্ত কৰা হৈছে।৬.৩০বজাত কাম শেষ কৰি ভাড়াঘৰলৈ উভতিছিল লোকজন। ৰে'ল লাইন পাৰ হ'ব লওতেই সংঘটিত হয় এই অঘটন।

Read more

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে নামঘৰত নৈবদ্য অৰ্পণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বৰাগাঁও শ্ৰী শ্ৰী বংশী গোপাল ৰাজহুৱা নামঘৰত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে তেখেতৰ সুস্বাস্থ্যৰ কামনাৰে নামঘৰত নৈবদ্য অৰ্পণ মুখ্যমন্ত্ৰীৰ। নামঘৰত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা প্ৰমুখ্যে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল…

Read more
Back To Top