মহানগৰীৰ চানমাৰিত ৰে’লৰ চেপাত এজন শ্ৰমিকৰ মৃত্যু।
বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ চানমাৰিত ৰে'লৰ চেপাত শ্ৰমিকৰ মৃত্যু।মৃত শ্ৰমিকজন বিহাৰৰ মতিহাৰীৰ চাৰাজুল আলম বুলি চিনাক্ত কৰা হৈছে।৬.৩০বজাত কাম শেষ কৰি ভাড়াঘৰলৈ উভতিছিল লোকজন। ৰে'ল লাইন পাৰ হ'ব লওতেই সংঘটিত হয় এই অঘটন।