Train services between Guwahati and Silchar have been halted until May 10, as announced by…
কইনাধৰাত মুখ্যমন্ত্রীৰ কেবিনেট বৈঠকৰ সিদ্ধান্তৰ সন্দৰ্ভত জনতা ভৱনত কেশৱ মহন্তৰ সংবাদমেল
শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত জনতা ভৱনত মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি সবিশেষ জনায়।ৰাজ্য চৰকাৰৰ কেবিনেটত MPW সকলৰ চাৰ্ভিছ ৰুল তৈয়াৰ কৰাৰ সিদ্ধান্ত।পৌৰ নিগম অঞ্চলৰ অধীনত নিজৰ ৪৩২০ বৰ্গ ফুট ভূমিৰ তলত থাকিলেহে লাভ কৰিব EWS প্ৰমাণ পত্ৰ। অন্যথা নাপাব EWS প্ৰমাণ পত্ৰ।বাগিছা অঞ্চলত আৰম্ভ হ’ব হাইস্কুল শিক্ষা। অহা ব’হাগ বিহুৰ পিছৰ পৰা আৰম্ভ হ’ব পাঠ্যক্ৰম। অহা দুমাহৰ ভিতৰত ৭৫৫ গৰাকী শিক্ষকক নিয়োগ কৰা হব বাগিছা অঞ্চলত।ST,SC,OBC প্ৰমাণ পত্ৰ লোৱাৰ বাবে দূৰ হ’ব সমস্যা।এতিয়াৰ পৰা পিতৃ-মাতৃৰ প্ৰমাণ পত্ৰ থাকিলে সন্তানে লাভ কৰিব প্ৰমাণ পত্ৰ। আনকি নৱম, দশম শ্ৰেণীত বিদ্যালয়ত গৈ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰিব চৰকাৰে।শৰণীয়া সকলে এতিয়াৰ পৰা শৰণীয়া কছাৰী, শৰণীয়া সোণোৱাল ৰূপে প্ৰমাণ পত্ৰ লাভ কৰিব।নাৱাৰ্ডৰ ১৭০ কোটি ১৫ লাখ টকীয়া ঋণ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰে।নাৱাৰ্ডৰ ঋণেৰে ১৫ খন আঁচনি আৰু তিনিখন দলং নিৰ্মাণ কৰা হ’ব।