Local residents of Bagharchowk in Konwerpur rescued a 6-feet-long python on Friday, handing it over…
কোন হ’ব GMCৰ মেয়ৰ
নিৰ্বাচন হৈ গ’ল, ভোট গণনাও হ’ল ৷ ৬০টা ৱাৰ্ডৰ ৫৮টা ৱাৰ্ডতে বিজয় ধ্বজা উৰুৱালে বিজেপি মিত্ৰজোঁটে ৷ এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হ’ল কোন হ’ব GMCৰ মেয়ৰ ৷ চৰ্চাত বহুকেইজনৰ নাম ৷২০১৩ৰ পিছত সুদীৰ্ঘ ৯বছৰৰ মূৰত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিৰোধীক টচনচ কৰি এইবাৰ ৫৮টা ৱাৰ্ড দখল কৰিলে বিজেপি মিত্ৰজোঁটে ৷ ইয়াৰ লগে লগে প্ৰাসংগিক হৈ পৰিছে কোন হ’ব পৌৰ নিগমৰ পৌৰপতি?চৰ্চাত প্ৰাক্তন তথা পৌৰ নিগমৰ নিৰ্বাচনত জয়ী হোৱাৰ মেয়ৰ মৃগেন শৰণীয়া, চৰ্চাত আছে বিজেপিৰ যুৱ নেতা শশাংক ডেকা,অভিক চোম আৰু মনোজ কুমাৰ নাথ আদি ৷ কিন্তু এইবেলি মহিলা শক্তিৰ হাতলৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈছে পৌৰপতিৰ আসনখন ৷ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই স্পষ্ট কৰিলে প্ৰধানমন্ত্ৰীৰ আগমনৰ পিছতহে ঘোষিত হ’ব মেয়ৰৰ নাম ৷মেয়ৰ যিগৰাকীয়েই নহওক, বিজেপিয়ে সংকল্প পত্ৰত কোৱাৰ ধৰণে যদি কাম হয় ৫৮খন আসনেৰে বিজেপি মিত্ৰজোঁটক জয়ী কৰোৱা মহানগৰবাসীৰ এটা এটা ভোট তেতিয়াহে হ’ব সাৰ্থক ৷