New Delhi, 12 March 2024 NN: In a significant development, the Cyber Cell Wing of…
তামিলনাডুত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ
তামিলনাডুত দুৰ্ঘটনাগ্ৰস্ত হয় সেনাৰ এখন হেলিকপ্টাৰ। দুৰ্ঘটনাগ্ৰস্ত হয় CDS জেনেৰেল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ। বিপিন ৰাৱটৰ পৰিয়ালসহ হেলিকপ্টাৰখনত আছিল ১৪ জনকৈ লোক। দুৰ্ঘটনাত সম্পূৰ্ণকৈ জ্বলি ভষ্মীভূত হৈছে হেলিকপ্টাৰখন। সংকটজনক অৱস্থাত ICU ত ভৰ্তি বিপিন ৰাৱাটক। ৭ জন সেনাৰ এই পৰ্যন্ত মৃত্যু। হেলিকপ্টাৰখনত আছিল চীফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱট, তেওঁৰ পৰিয়াল আৰু একাংশ কৰ্মী। প্ৰাথমিক তথ্য অনুসৰি, কুন্নুৰৰ ঘন জংঘলত সংঘটিত হয় এই দুৰ্ঘটনাটো। হেলিকপ্টাৰখন আছিল এমআই চিৰিজৰ। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে ভেনজাম মোহন নামৰ এজন সন্দেহজনক উগ্ৰপন্থীক আটক কৰা হৈছে। ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে ভাৰতীয় বায়ু সেনাই।