A tragic road accident occurred at Sootea on Saturday evening, claiming the life of truck…
১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা। ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন।সংবাদমেলযোগে ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে।১৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত ২১ এপ্ৰিলত হ’ব ভোটগণনা। মনোনয়ন দাখিলৰ অন্তিম দিন ৩০ মাৰ্চ। মনোনয়ন প্ৰত্যাহাৰৰ দিন ৪ এপ্ৰিল।৬০টা ৱাৰ্ডত পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। পৌৰ নিগমৰ নিৰ্বাচনৰ মুঠ ভোটাৰ ৭ লাখ ৯৬ হাজাৰ ৮শ ২৯ গৰাকী। মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৭৮৯টা।আজিৰে পৰা জাৰি কৰা হৈছে অধিসূচনা।নিৰ্বাচন আয়োগে যোগান ধৰা EVMত হ’ব ভোটদান। নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ প্ৰচাৰ চলাব নোৱাৰিব। ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ৩০ গৰাকী নেতাই চলাব পাৰিব প্ৰচাৰ।পৌৰ নিগমৰ নিৰ্বাচনত ৫০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত। দুটা ৱাৰ্ড অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত আৰু অনুসূচিত জাতিৰ বাবে চাৰিটা ৱাৰ্ড সংৰক্ষিত থাকিব।এজন প্ৰাৰ্থীয়ে খৰচ কৰিব সৰ্বোচ্চ আঢ়ৈ লাখ টকা।