Skip to content

প্ৰধানমন্ত্ৰীয়ে অসমবাসীলৈ জনালে ভোগালী বিহুৰ শুভেচ্ছা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীলৈ জনালে ভোগালী বিহুৰ শুভেচ্ছা। টুইটাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছে। আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও টুইটাৰৰ জৰিয়তে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। 

Read more

ৰাজ্যপাল জগদীশ মুখী কোৰোনাত আক্ৰান্ত।

অসমৰ ৰাজ্যপাল জগদীশ মুখী কোৰোনাত আক্ৰান্ত।ইতিমধ্যে তেওঁক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।বুধবাৰে তেওঁৰ দেহত ধৰা পৰিছিল কোৰোনা পজিটিভ।তাৰপাছতে আজি এপ’ল হাস্পতালত ভৰ্তি কৰা হৈছে ৰাজ্যপাল গৰাকীক।

Read more

উৰুকাৰ দিনা মহানগৰবাসীক সকাহ দিয়াৰ পদক্ষেপ ৰাজ্যৰ মীন বিভাগৰ

উৰুকাৰ দিনা মহানগৰবাসীক সকাহ দিয়াৰ পদক্ষেপ ৰাজ্যৰ মীন বিভাগৰ। ফিচফেডৰ জৰিয়তে মহানগৰবাসীয়ে আজি লাভ কৰিব সুলভ মূল্যত লোকেল মাছ। আন আন বজাৰৰ তুলনাত ৰূপনগৰৰ ফিচফেডত কম মূল্যতে মহানগৰবাসীয়ে ক্ৰয় কৰিব পাৰিব ৰৌ, বৰালি, ভকুৱা, চিতলকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ। ৰৌ…

Read more

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

অলিম্পিকৰ পদক জয়ী বক্সাৰ লাভলিনা বৰগোহাঁইক আজি অসম আৰক্ষীৰ DSP পদত নিযুক্তি দিয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অচিৰেই গুৱাহাটীৰ এটা পথ লাভলিনাৰ নামত নামাকৰণ কৰা হ'ব বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে আকৌ মন্তব্য কৰে যে, অসম চৰকাৰৰ খালী পদ সমূহত…

Read more

মহানগৰীৰ ফাঁচী বজাৰত অগ্নিকাণ্ড

মহানগৰীৰ ফাঁচী বজাৰত সংঘটিত হৈছে অগ্নি কাণ্ড।ফকৰুদ্দিন আলি আহমেদ ভৱনৰ কাষত এই অগ্নিকাণ্ড।অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত জুই।গেছ চিলিণ্ডাৰৰ পৰা জুই সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় লোকৰ।জোটা,চেণ্ডেল আৰু বেগৰ গুদামত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

Read more

অসম আৰক্ষীৰ DSP পদত লাভলীনা বৰগোহাঁই

আৰক্ষীৰ পোছাকত বক্সাৰ লাভলীনা বৰগোহাঁই। অসম আৰক্ষীৰ DSP পদত নিযুক্তি অলিম্পিক পদক বিজয়ী লাভলীনাক। জনতা ভৱনত মুখ্যমন্ত্ৰীসহ প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত প্ৰদান কৰা হয় নিযুক্তি।

Read more

ঘোচখোৰ বিষয়া–কৰ্মচাৰীলৈ কঠোৰ সকীয়নি মুখ্যমন্ত্ৰীৰ

জনতা ভৱনত নিয়োজিত বিষয়া–কৰ্মচাৰীসকলে যদি ধন ঘটিম বুলি ভাবিছে তেন্তে ভুল কৰিছে৷ কিয়নো সচিবালয়ত ইনকাম কোনোপধ্যে নহয়৷ কাঢ়া দৃষ্টি ৰখা হৈছে সকলোতে৷ অহা পাঁচ বছৰলৈ যদি কোনোৱাই টকা খাম বুলি ভাবিছে দুৰ্ঘটনা হ’বই। এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

Read more

সকলোৱে কৰিব নালাগে ক’ভিড পৰীক্ষা। ICMRৰ নতুন নিৰ্দেশনা

ক'ভিড পৰীক্ষাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিলে ICMRয়ে।সকলোৱে কৰিব নালাগে ক'ভিড পৰীক্ষা।ক'ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিয়ে কৰিব নালাগে ক'ভিড পৰীক্ষা।কেৱল HIGH RISKত থকা ব্যক্তিকেইজনেহে কৰিব লাগিব ক'ভিড পৰীক্ষা।বিশেষকৈ ৬০ৰ উদ্ধৰ ব্যক্তিসকলৰ দেহত ধৰা পৰে ক'ভিডৰ HIGH RISK।ডায়েবেটিছ,উচ্চ ৰক্তচাপ,বৃক্কৰ ৰোগত…

Read more

জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ আত্মহত্যা

জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ আত্মহত্যা। নিশা ১১.৩০ মান বজাত তিনিচুকীয়া জিলাৰ মাকুমৰ নিজ বাসগৃহত নিজৰ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যাৰ চৰম পন্থা বাচি লয় জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে৷ এই ঘটনাই এতিয়া সচকিত কৰি তুলিছে ৰাজ্যৰ বৌদ্ধিক মহলক৷

Read more

গুৱাহাটী শোধনাগাৰৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ

গুৱাহাটী শোধনাগাৰৰ মূল প্ৰৱেশ দ্বাৰৰ সন্মুখত শোধনাগাৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ তীব্ৰ প্ৰতিবাদ। PF, ESI আদিৰ যথাযথ প্ৰয়োগৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু শোধনাগাৰ কৰ্তৃপক্ষই ৬মাহৰ মূৰে মূৰে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি বেতন আৰু অন্যান্য সা–সুবিধাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে।

Read more
Back To Top