Skip to content

পানবজাৰ আৰক্ষীৰ জালত মহিলা ATM চোৰ

পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী মহিলা ATM চোৰ।মহিলাগৰাকীয়ে লুটিছিল প্ৰায় ৬৫ হাজাৰ টকা।লতাশিলৰ পৰা চুৰি কৰি আনিছিল গ্ৰাহকৰ ATM কাৰ্ড।গ্ৰাহকৰ ATM কাৰ্ড চুৰ কৰি লুটিছিল হাজাৰ হাজাৰ টকা।উপায়ুক্ত কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ চাহিদা বেগম নামৰ মহিলাগৰাকী।

Read more

আজি সচিবালয়ৰ কৰ্মচাৰীৰে বৈঠক মুখ্যমন্ত্ৰীৰ

আজি সচিবালয়ৰ কৰ্মচাৰীৰে পুনৰ বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুৱা ১১ বজাৰ পৰা মিছন সদ্ভাৱনা সম্পৰ্কত কলাক্ষেত্ৰত অনুষ্ঠিত হয় এই বৈঠক ।সচিবালয়ৰ বিষয়া-কৰ্মচাৰীৰে ইতিমধ্যে দুবাৰকৈ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছে ।অহা ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব মিছন সদ্ভাৱনা।

Read more

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত কেবিনেটত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

মুখ্যমন্ত্ৰীৰ সভাপতিত্বত আজি কেবিনেটত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।নম্বৰ১-এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে মাত্ৰ দুই মিনিট সময়ৰ বাবেহে অন্যান্য বাহন ৰখাই থ'ব পাৰিব,নম্বৰ২-মুখ্যমন্ত্ৰীৰ কনভয়ত গুৱাহাটী মহানগৰীত থাকিব কেৱল ৬খন বাহন আৰু গুৱাহাটীৰ বাহিৰত থাকিব ১২খন বাহন,নম্বৰ৩-সকলো চৰকাৰী অনুষ্ঠানত মুখ্যমন্ত্ৰী…

Read more

অসম-অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা

গোগামুখ মিংমাঙত তীব্ৰ উত্তেজনা অব্যাহত। অসম-অৰুণাচলৰ দুয়ো ৰাজ্যৰ আৰক্ষী-অৰ্ধসাময়িক বাহিনী মোতায়েন। যিকোনো সময়তে হিংসা উত্তাপ বঢ়াৰ আকাংক্ষা।

Read more

লখৰাৰ বেতকুছি টাৰ্মিনেলত বৃহৎ তেল চুৰি চক্ৰ

লখৰাৰ বেতকুছি টাৰ্মিনেলত বৃহৎ তেল চুৰি চক্ৰ। ইণ্ডিয়ান অইল, অসম অইল কঢ়িওৱা গাড়ীৰ পৰা চুৰি হয় তেল। প্ৰতিখন গাড়ীৰ পৰা ২০ৰ পৰা ৩০ লিটাৰ চুৰি হয় তেল। তেল চুৰি চক্ৰৰ লগত ইণ্ডিয়ান অইল-এঅ'ডি, ইণ্ডিয়ান অইল carporation লিমিটেডৰ কৰ্মচাৰী গাড়ীৰ ড্ৰাইভাৰ…

Read more

সময়মতে কৰে পৰিশোধ নকৰা সকলৰ বিৰুদ্ধে কঠোৰ পৰিবহন বিভাগ

৩১মাৰ্চৰ পূৰ্বে ৰাজ্যৰ সকলো বিভাগক বাকী থকা কৰ সংগ্ৰহ কৰিবলৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই যান বাহনৰ বকেয়া কৰ সংগ্ৰহত তৎপৰ ৰাজ্যৰ পৰিবহন বিভাগ। কেৱল গুৱাহাটী মহানগৰীতে প্ৰায় ১০০ কোটি টকাৰ বকেয়া কৰ সংগ্ৰহৰ লক্ষ্য কামৰূপ…

Read more

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আন এখন ব্যয়বহুল দলং

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব এখন ব্যয়বহুল দলং।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৱন্টন কৰি দিছে ৩ হাজাৰ ৪০ কোটি টকা।এই কথা ঘোষণা কৰিলে বিধায়ক হেমাংগ ঠাকুৰীয়াই।পলাশবাৰি আৰু শুৱালকুচি সংযোগী নদীপথত হ'ব দলং।অতি কম দিনৰ ভিতৰত আৰম্ভ হ'ব দলং নিৰ্মাণৰ কাম।

Read more

মহানগৰীত ড্রাগছ বিৰোধী অভিযান

মহানগৰীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।দুই যুৱকৰ পৰা জব্দ হেৰ’ইন ভৰ্তি ৪১ টা কণ্টেইনাৰ।জব্দ নগদ ধন আৰু এখন বাইক।ভৰলুমুখৰ পৰা গ্রেপ্তাৰ জিতু দাস আৰু দ্বীপজ্যোতি কলিতা।

Read more

সাংসদ প্ৰদ্যুৎ বৰদলৈ কোভিডত আক্ৰান্ত

নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈ কোভিডত আক্ৰান্ত।স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে সাংসদ জন কোভিড আক্ৰান্ত হোৱাৰ তথ্য।কোভিডত আক্ৰান্ত বৰদলৈ বৰ্তমান বাসগৃহতে আছুতীয়াকৈ আছে ।

Read more

আজি কলাক্ষেত্ৰত দুটাকৈ সশস্ত্ৰ সংগঠনেৰে আলোচনাত বহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

আজি কলাক্ষেত্ৰত দুটাকৈ সশস্ত্ৰ বিদ্ৰোহী সংগঠন TLA আৰু UGPOৰে আলোচনাত বহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।আজি মূলসুঁতিলৈ উভতিব দুটাকৈ সশস্ত্ৰ সংগঠনৰ নেতৃবৰ্গ।শান্তিৰ আলোচনালৈ আহিব TLA আৰু UGPO।আলোচনাৰ বাবে সাজু হৈছে শতাধিক কেডাৰ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্হিতিত অস্ত্ৰ সম্বৰণ কৰিব দুয়োটা…

Read more
Back To Top