Train services between Guwahati and Silchar have been halted until May 10, as announced by…
আজি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন,প্ৰথমবাৰৰ বাবে GMCৰ নিৰ্বাচনত EVMত ভোটগ্ৰহণ
নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰথমবাৰলৈ EVMৰ জৰিয়তে কৰা হৈছে।৫৭টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ৬০টা ৱাৰ্ড যুক্ত গুৱাহাটী পৌৰসভাৰ ইতিমধ্যে ৩টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বিজেপি প্ৰাৰ্থী।এইবাৰ নিৰ্বাচনত আছে মুঠ ৭ লাখ ৯৬ হাজাৰ ৮২৯গৰাকী ভোটাৰ। তাৰে ভিতৰত পুৰুষ ভোটাৰ ৩ লাখ ৯৬ হাজাৰ ৮৯১।আৰু মহিলা ভোটাৰৰ সংখ্যা ৩ লাখ ৯৯ হাজাৰ ৯১১টা। সেইদৰে তৃতীয় লিংগৰ মুঠ ভোটাৰৰ সংখ্যা ২৭টা। সৰ্বমুঠ ৭৮৯টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছে নিৰ্বাচন।অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে ৪ টা ৱাৰ্ড সংৰক্ষিত।SC মহিলাৰ বাবে সংৰক্ষিত ৬ আৰু ৯ নম্বৰ ৱাৰ্ড।SC প্ৰাৰ্থীৰ বাবে১৯ আৰু ৩২ নম্বৰ ৱাৰ্ড মুকলি।ST ৰ বাবেও ৩ টা ৱাৰ্ড সংৰক্ষিত।ST মহিলাৰ বাবে সংৰক্ষিত ২৩ আৰু ৫১ নম্বৰ ৱাৰ্ড।ST প্ৰাৰ্থীৰ বাবে মুকলি ২৭ নম্বৰ ৱাৰ্ড।মহিলাৰ বাবে সংৰক্ষিত মুঠ ৩০ টা ৱাৰ্ড।