Skip to content

কংগ্ৰেছ নেতা অনিল বৰগোহাঁইৰ পথ দুৰ্ঘটনাত মৃত্যু।

শুক্ৰবাৰে গুৱাহাটীৰ পৰা ধেমাজিৰ নিজৰ ঘৰলৈ গৈ থাকোঁতে পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰিছিল XUV বাহনখনে। গুৰুতৰভাৱে আহত বৰগোহাঁইক ভৰ্তি কৰোৱা হৈছিল সোণাপুৰ জিলা চিকিত্সালয়ত। তাতেই শেষ নিশ্বাস ত্যাগ কৰে বৰগোহাঁয়ে।

Read more

আমিনগাঁৱৰ উপৰবড়ীত বিধ্বংসী অগ্নিকাণ্ড।

অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত অচিত দাস নামৰ ব্যৱসায়ী এজনৰ বাসগৃহসহ টেণ্ট হাউছৰ গুডাম।১১খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপণ কৰে।

Read more

মহানগৰীৰ চানমাৰিত ৰে’লৰ চেপাত এজন শ্ৰমিকৰ মৃত্যু।

বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ চানমাৰিত ৰে'লৰ চেপাত শ্ৰমিকৰ মৃত্যু।মৃত শ্ৰমিকজন বিহাৰৰ মতিহাৰীৰ চাৰাজুল আলম বুলি চিনাক্ত কৰা হৈছে।৬.৩০বজাত কাম শেষ কৰি ভাড়াঘৰলৈ উভতিছিল লোকজন। ৰে'ল লাইন পাৰ হ'ব লওতেই সংঘটিত হয় এই অঘটন।

Read more

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে নামঘৰত নৈবদ্য অৰ্পণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বৰাগাঁও শ্ৰী শ্ৰী বংশী গোপাল ৰাজহুৱা নামঘৰত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে তেখেতৰ সুস্বাস্থ্যৰ কামনাৰে নামঘৰত নৈবদ্য অৰ্পণ মুখ্যমন্ত্ৰীৰ। নামঘৰত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা প্ৰমুখ্যে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল…

Read more

দুই মহিলাক লৈ পল্টন বজাৰত ৰে’ল ষ্টেশ্যনত উত্তপ্ত পৰিস্থিতি।

দুই মহিলাক লৈ পল্টন বজাৰত ৰে’ল ষ্টেশ্যনত উত্তপ্ত পৰিস্থিতি।ৰে'লৱে আৰক্ষী থানাৰ সন্মুখত মাৰপিট।মহিলা ৰে’লৱে কৰ্মী আৰু আন এগৰাকী মহিলা যাত্ৰীৰ মাজত মাৰপিট।মহিলা যাত্ৰীগৰাকীৰ বিৰুদ্ধে প্লেটফৰ্মৰ পৰা ছুপাৰি চুৰ কৰাৰ অভিযোগ।আৰক্ষীয়ে জব্দ কৰি প্লেটফৰ্মত ৰাখি থৈছিল ছুপাৰিখিনি।

Read more

বড়োভূমিত নতুন সশস্ত্ৰ সংগঠনৰ জন্ম

পুনৰ অশান্ত হোৱাৰ দিশে বড়োভূমি। বড়োভূমিত নতুন সশস্ত্ৰ সংগঠনৰ জন্ম। সংগঠনটো ইউনাইটেড লিবাৰেশ্যন ফৰ বড়োলেণ্ড। সুকীয়া স্বাধীন বড়ো ৰাজ্য গঠনৰ দাবী ULBৰ। সংবাদ মাধ্যমলৈ প্ৰেৰণ প্ৰেছ বাৰ্তা, ভিডিঅ’। ১৫ ছেপ্টেম্বৰত সংগঠনটো গঠন হোৱা বুলি দাবী।

Read more

ছয়মাইলৰ উৰণীয়া সেতুৰ সমীপত পথ দুৰ্ঘটনা।

ছয়মাইলৰ উৰণীয়া সেতুৰ সমীপত পথ দুৰ্ঘটনা।এখন চুইফটত খুন্দা মাৰিলে এজন স্কুটী আৰোহীয়ে।সংকটজনক অৱস্থাত ছয়মাইল জি এন আৰচিত ভৰ্তি স্কুটী আৰোহীজনক।স্কুটীখনৰ নম্বৰ এ এছ- ০১৭-বি অ-৮৪১৬।

Read more

মহানগৰী বোন্দাত অঘটন

বিশ্বকৰ্মা পূজাৰ দিনাখনেই মহানগৰী বোন্দাত অঘটন। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত এজন স্কুটী আৰোহী। দুৰ্ঘটনাটো সংঘটিত হয় নাৰেংগীৰ বোন্দাত। নিহত যুৱক জন হৈছে নাৰেংগী কেন্দুগুৰিৰ প্ৰমোদ টুমুং(২৬)। নাৰেংগীৰ কেন্দুগুৰিৰ বাসিন্দা প্ৰমোদ টুমুঙে AS 01 BB 2465 নম্বৰৰ স্কুটী খনত পিতৃক উঠাই…

Read more

গুৱাহাটীত নিশা আৰক্ষীৰ ড্ৰাগ্‌ছ বিৰোধী অভিযান।

বশিষ্ঠ আৰক্ষীয়ে ৪৯টা পেকেটত মুঠ ১০ হাজাৰ নিষিদ্ধ টেবলেট জব্দ কৰে।মণিপুৰৰ পৰা গুৱাহাটীলৈ অনা হৈছিল টেবলেটখিনি।ড্ৰাগ্‌ছ সৰবৰাহত অভিযুক্ত জামাল আলীলৈ আৰক্ষীৰ গুলী।ভৰিত গুলী লাগে আলীৰ।GMCHত চিকিৎসাধীন জামাল।

Read more

ৰাজ্যবাসীৰ বাবে সুখবৰ

ৰাজ্যবাসীৰ বাবে সুখবৰ। MMCH ৰ জেষ্ট নাৰ্ছ ৰজীলা ৰয়লৈ 2020 বৰ্ষৰ FLORENCE NIGHTINGALE বঁটা। নিজ কৰ্ম পাৰদৰ্শিতাৰ দেশৰ বাবে ৫১ গৰাকী নার্ছলৈ প্ৰদান কৰা হৈছে FLORENCE NIGHTINGALE বঁটা। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে Video Conference যোগে প্ৰদান কৰে এই বঁটা। অসমৰ পৰা…

Read more
Back To Top