Skip to content

উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক ।

উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ'ল আবকাৰী অধীক্ষক।কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমনজ্যোতি বৰাক গ্ৰেপ্তাৰ।২৫হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ।ভিজিলেন্স আৰু এণ্টি কৰাপচনে গ্ৰেপ্তাৰ কৰে বিষয়াজনক।

Read more

আজিৰে পৰা নিমাতী ঘাটত চলিল চৰকাৰী ফেৰী

৮ ছেপ্টেম্বৰ অৰ্থাৎ বুধবাৰৰ নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ পিছতেই চকু খুলিল চৰকাৰৰ। শুকুৰবাৰ অৰ্থাৎ আজিৰে পৰা নিমাতী ঘাটত চলিল চৰকাৰী ফেৰী। লাইফ জেকেট পিন্ধি চৰকাৰী ফেৰীত উঠিল যাত্ৰী।

Read more

সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান

সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। বৃহস্পতিবাৰে কৰিমগঞ্জৰ পাথাৰকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। অভিযানত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ৷ দুৰ্লভপুৰ গাঁৱৰ জয়নাল হক নামৰ যুৱক জনৰ ঘৰৰ পৰা জব্দ ৩৬৫ টা ড্ৰাগছ কন্টেইনাৰ। পাথাৰকান্দি আৰক্ষী আৰু সীমান্ত আৰক্ষীৰ যুটীয়া অভিযানত চলিছিল…

Read more

চন্দ্ৰমোহন পাটোৱাৰীৰ ধমক আভ্যন্তৰীণ জল পৰিবহণৰ কনিষ্ঠ অভিযন্তাক

আভ্যন্তৰীণ জল পৰিবহণৰ কনিষ্ঠ অভিযন্তাক ধমক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। এটা ইঞ্জিনযুক্ত নাও চলাচল কৰিবলৈ দিয়াত ক্ষুণ্ণ পৰিবহণ মন্ত্ৰী। মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল এটা ইঞ্জিনযুক্ত নাও বন্ধ কৰাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অমান্য নিমাতীঘাটৰ লেচীৰ। আছুৰ প্ৰতিনিধি দলক লৈ ৰাওনা হৈছিল এটা ইঞ্জিনযুক্ত নাও।…

Read more

কলিয়াবৰত বাঘৰ আতংক।

কলিয়াবৰৰ কুঠৰী-বাঘমাৰিত বাঘৰ আতংক।বাঘমাৰিৰ এটা খাৱৈত সোমাল এটা বাঘ।বৰ্তমানেও মেটেকাৰ তলত আৱদ্ধ হৈ আছে বাঘটো।কাজিৰঙাৰ পৰা ওলাই আহিছিল আৱদ্ধ হৈ থকা ঢেকীয়াপতীয়া বাঘটো।

Read more

ওদালগুৰি জিলাত পথদুৰ্ঘটনা

ওদালগুৰি জিলাৰ ডিমাকুছিত কালি নিশা ভয়ংকৰ পথদুৰ্ঘটনা।দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক। লোক জনৰ নাম ৰৱেন ৰয়।ৰৱেন ৰয়ে ডিমাকুছিৰ পৰা গৃহাভিমুখে গৈ থকাৰ সময়ত এখন বলেৰ’ বাহনে খুন্দিয়াই থৈ যায়।

Read more

আৰক্ষীৰ বিৰুদ্ধে আদালত গোচৰ।

মহানগৰ আৰক্ষীৰ বিৰুদ্ধে আদালত গোচৰ।গোচৰ তৰিলে ক'কেইন কাণ্ডৰ অভিযুক্ত বিশাল চৌধুৰী পৰিয়ালে।আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰা অভিযোগ বিশালৰ পিতৃৰ।পিতৃৰ মতে হাতত হেণ্ডকাফ লাগি থকাৰ পিছত কেনেদৰে পলালে বিশাল।

Read more

কাজিৰঙাত ৪ টা গঁড়, ১৭ টা পহুৰ মৃত্যু

কাজিৰঙাৰ প্ৰায় ৮০ শতাংশ অঞ্চল জলমগ্ন । বহু কেইটা বন্য প্ৰাণীৰ মৃত্যু।ৰাষ্ট্ৰীয় উদ্যানখনৰ ৪ টাকৈ গঁড়ৰ মৃত্যু হৈছে।ইয়াৰ ভিতৰত ২ টা গঁড় পানীত ডুবি আৰু আন ২টা গঁড় স্বাভাৱিক কাৰণত মত্যু হৈছে।বন বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ বানত মৃত্যু হোৱা…

Read more

কাজিৰঙা পুনৰ গঁড়ৰ মৃত্যু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ মৃত্যু।কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত বানত ডুবি মৃত্যু হয় গঁড়টো।বুঢ়াপাহাৰৰ টুনীকাটি বন শিবিৰ এলেকাত উদ্ধাৰ হৈছে।গঁড়টো মৃত্যুদেহ অক্ষত অৱস্থাত পোৱা গৈছে গঁড়টোৰ খৰ্গ।কেইদিনমানৰ পূৰ্বে গঁড়টোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে।

Read more

মাজুলীৰ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যাত্ৰীৰ পৰিয়াললৈ শোকপ্রকাশ ৰাইজৰ দলৰ

মাজুলীৰ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যাত্ৰীৰ পৰিয়াললৈ শোকপ্রকাশ কৰে ৰাইজৰ দলে। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যাত্ৰীৰ পৰিয়াললৈ ক্ষতিপূৰণৰ দাবীৰ লগতে দলঙৰ নামত মাজুলীবাসীক প্ৰৱঞ্চনা নকৰিবলৈও বাদী ৰাইজৰ দলৰ।

Read more
Back To Top