skip to Main Content

লাভলীনা বৰগোহাঁয়ে অৱশেষত স্পৰ্শ কৰিলে সন্মানীয় পদক অৰ্জুন বঁটা।

বক্সাৰ লাভলীনা বৰগোহাঁইক অৰ্জুন বঁটা প্ৰদান।লাভলীনা বৰগোহাঁয়ে  বিশ্ব বক্সিং আৰু কমনৱেলথ গেমছত দেখুৱা পাৰদৰ্শিতাৰ বাবে ২০২০ চনত কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ পৰা লাভ কৰিছিল খেলৰ সন্মানীয় অৰ্জুন বঁটা।সেই সময়ত ক'ভিডৰ বাবে ভিডিঅ' কনফাৰেন্সত থাকিয়েই দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা লাভলীনাই…

Read More

উপ নিৰ্বাচনৰ ফলাফল

থাওৰাত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ জয়লাভ। ৩০ হাজাৰতকৈ অধিক ভোটত জয়ী হয় প্ৰাৰ্থী গৰাকী। গোসাঁইগাঁৱত জয়ী হয় জিৰণ বসুমতাৰী। ভৱানীপুৰত ফণীধৰ তালুকাৰৰ জয়লাভ আৰু মৰিয়নী সমষ্টিত জয়ী হয় বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী। অভিলেখ সংখ্যক ভোটত জয়ী হয় ৰূপজ্যোতি কুৰ্মী।

Read More

আজিৰ দিনটোত সোণ ক্ৰয় কৰিব বিচৰা সকলৰ বাবে ভাল খবৰ

আজি ধনতেৰাছ। আজিৰ দিনটোত সোণ ক্ৰয় কৰিব বিচৰা সকলৰ বাবে ভাল খবৰ। ধনতেৰাছৰ দিনা হ্ৰাস পাইছে সোণৰ মূল্য। ৮,৩০০ টকা হ্ৰাস হৈছে সোণৰ মূল্য। সোণৰ লগতে কমিছে ৰূপৰ মূল্যও। সোণ আজি প্ৰতি ১০ গ্ৰামত ০.১৪ শতাংশ হ্ৰাস হৈ ৪৭,৮৩৫ টকা…

Read More

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত শিৱ থাপা

অসমৰ সফল আন্তঃৰাষ্ট্ৰীয় বক্সাৰ শিৱ থাপাই আইবা বিশ্ব বক্সিঙ ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। ছাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰেডত অনুষ্ঠিত আইবা পুৰুষ বক্সিঙৰ ৬৪ কেজি শাখাত সোমবাৰে নিশা শিৱ থাপাই ফ্ৰান্সৰ শক্তিশালী প্ৰতিপক্ষ লওন্স হামৰাওইক ৪-১ পইণ্টত পৰাস্ত কৰে।

Read More

গুৱাহাটীত পুনৰ বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য।

আজি গুৱাহাটীত পুনৰ ৩০ পইচা বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য।আজিৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য হ’লগৈ ১০৫.৮০ টকা।একেদৰে ডিজেলৰো বৃদ্ধি পালে মূল্য ৩১ পইচা।প্ৰতি লিটাৰ ডিজেলৰ আজিৰ দিনটোৰ মূল্য হ’লগৈ ৯৮.৪২ টকা।

Read More

কামৰূপ(মঃ) জিলা উপায়ুক্তৰ সংবাদমেল

২০২২ৰ জানুৱাৰীত প্ৰকাশ পাব কামৰূপ (মঃ)ৰ ভোটাৰ তালিকাৰ খচৰা।কামৰূপ (মঃ) জিলাত মুঠ ভোটাৰ ১১,৫২,৩১৭জন।তাৰে পুৰুষ ভোটাৰ ৫,৬৯,৪৩৭ জন আৰু মহিলা ভোটাৰ ৫,৮৩,০০৬ গৰাকী।১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত দিব পাৰিব ওজৰ-আপত্তি।এই সময়ছোৱাত আবেদন কৰিব পাৰিব নতুন ভোটাৰে। দিছপুৰ সমষ্টিত সৰ্বাধিক…

Read More

আৰক্ষী বিষয়াৰ ঘৰত চুৰি

গুৱাহাটীৰ সাতগাঁৱত আৰক্ষী বিষয়াৰ ঘৰত চুৰি।চোৰে লুটি নিলে প্ৰায় ৩ লাখ টকাৰ স্বৰ্ণ অলংকাৰ লগতে লুটি নিলে নগদ ৫০ হাজাৰ টকা। ৰঞ্জিত কুমাৰ দাস নামৰ আৰক্ষী বিষয়াজনৰ ঘৰত চুৰি হয়।

Read More

আজি ইন্দিৰা গান্ধীৰ মৃত্যুবাৰ্ষিকী।

প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ আজি মৃত্যুবাৰ্ষিকী।৩৭ সংখ্যক মৃত্যুবাৰ্ষিকীত প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি। নতুন দিল্লীত ইন্দিৰা গান্ধীৰ সমাধিস্থলত পুৱাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰা হয়।

Read More

অসম আৰক্ষীৰ বাবে ভাল খবৰ।

অসম আৰক্ষীৰ বাবে ভাল খবৰ। অসম আৰক্ষীৰ আইপিএছ বিষয়া শংকৰ ব্ৰত ৰায়মেধিলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ বিশেষ অভিযান পাৰদৰ্শিতা বঁটা। এই বঁটা লাভ কৰা একমাত্ৰ অসমীয়া বিষয়া শংকৰব্ৰত ৰায়মেধি। ইয়াৰ পূৰ্বেও ৰায়মেধিয়ে গৃহমন্ত্ৰনালয়ৰ পৰা তদন্তত পাৰদৰ্শিতা লাভ কৰা প্ৰথমগৰাকী আৰক্ষী অধীক্ষক…

Read More

আজি ৰাষ্ট্ৰীয় একতা দিৱস।

আজি ৰাষ্ট্ৰীয় একতা দিৱস। আজি দেশব্যাপী চৰ্দাৰ বল্লভ ভাই পেটেলক স্মৰণ। চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনটোক ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় সমগ্ৰ ভাৰততে। সেয়ে ১৪৫সংখ্যক জন্মজয়ন্তীত চৰ্দাৰ পেটেলক স্মৰণ দেশবাসীৰ। গুজৰাটৰ কেৱড়ীয়াত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।…

Read More
Back To Top